Recents in Beach

Land Boundary of India in Assamese | ভাৰতৰ স্থল সীমা

ভাৰতৰ স্থলসীমা মনত ৰখাৰ সহজ উপায় | Easy method to remember India's land borders in Assamese

ভাৰত (INDIA) এচিয়া মহাদেশৰ এখন গুৰুত্বপূৰ্ণ দেশ। উত্তৰা- দক্ষিণাকৈ ভাৰতবৰ্ষৰ ভূ-খণ্ড প্ৰায় ৩,২১৪ কিলোমিটাৰ আৰু পূবা- পশ্চিমাকৈ প্ৰায় ২,৯৩৩ কিলোমিটাৰ বিস্তৃত। পূবে বংঙ্গোপসাগৰ, পশ্চিমে আৰৱ সাগৰ আৰু দক্ষিণে ভাৰত মহাসাগৰৰ সৈতে ভাৰতীয় ভূ-ভাগে প্ৰায় ৬,১০০ কিলিমিটাৰ দৈৰ্ঘ্যৰ উপকূল সৃষ্টি কৰিছে। সুদীৰ্ঘ উপকূল ৰেখাৰ নিচিনাকৈ ভাৰতৰ ভূ- খণ্ডই ইয়াৰ চুবুৰীয়া দেশসমূহৰ সৈতে স্থল ভাগেৰেও সীমাৰেখাৰ সৃষ্টি কৰিছে। ভাৰতৰ মুঠ স্থলসীমাৰ দৈৰ্ঘ্য হৈছে ১৫,২০০ কিলোমিটাৰ।

ভাৰতৰ স্থলসীমাৰ দৈৰ্ঘ্য আৰু আগুৰি থকা চুবুৰীয়া দেশ সমূহৰ নাম মনত ৰখাটো অতি প্ৰয়োজনীয় । লগতে ইয়াৰ পৰা বিভিন্ন পৰীক্ষাটো প্ৰশ্ন অহা দেখা যায়। সেইবাবে আজি মই আপোনালোকক ভাৰতৰ স্থলসীমাৰ দৈৰ্ঘ্য আৰু গাতে লাগি থকা দেশ সমূহৰ নাম মনত ৰখাৰ সহজ উপায় জনাম।

Land Boundary of India Short Trick

ভাৰতৰ স্থল সীমা মনত ৰখাৰ সহজ উপায় 👉

ভাৰতৰ স্থলসীমাৰ বিষয়ে মনত ৰাখিবলৈ প্ৰথমে আপুনি তলৰ বাক্যটো মনত ৰাখিব লাগিব।

15200 টকাৰ চাহ বেচি ভাৰতৰ PM নৰেন্দ্ৰমোডীয়ে আনন্দিত হৈছিল।

ইয়াত বাক্যটোৰ প্ৰতিটো  শব্দৰ প্ৰথম আখৰে একোখন দেশক বুজাইছে। উদাহৰণস্ৱৰূপে -

  • 👉 15200 KM ভাৰতৰ স্থল সীমাৰ দৈৰ্ঘ্য।
  • 👉 চাহ ➡️ C ➡️ চীন 
  • 👉 বেচি ➡️ B ➡️ বাংলাদেশ 
  • 👉 ভাৰতৰ -➡️ B-➡️ ভূটান 
  • 👉 P- ➡️ পাকিস্তান
  • 👉 M- ➡️ ম্যানমাৰ 
  • 👉 নৰেন্দ্ৰ মোডী - ➡️ N - ➡️ নেপাল 
  • 👉 আনন্দিত হৈছিল - ➡️ A- ➡️ আফগানিস্তান 


আশা কৰোঁ পোষ্টতো পঢ়াৰ পিছত আপোনালোকে ভাৰতৰ স্থলসীমাৰ বিষয়ে সহজে মনত ৰাখিব পাৰিব। এনেকুৱা ধৰণৰ বিভিন্ন কথা পঢ়িবলৈ নিয়মিত ভাবে আমাৰ ব্লগ জোনাকী অসম চাই থাকিব। ধন্যবাদ।

✍️ অজয়

Post a Comment

0 Comments