Recents in Beach

সাঁথৰ | অসমীয়া সাঁথৰ উত্তৰ । Assamese Riddle

সাঁথৰ | অসমীয়া সাঁথৰ উত্তৰ

Assamese Riddle


১) ই হওক সি হওক খালেই চুমা খাও কিহক ??
উত্তৰঃ-  শামুক ।


২) ঐ কি চাই আছা মোক?      খাই পেলাম তোক,      চাব আহিব মোক     লৈ যাব তোক ।
উত্তৰঃ-চেপা


৩)  ওপৰৰ পৰা পৰিল ধুম,     ধুমে বুলে মোৰ গাটো শুং।
উত্তৰঃ- বেল


৪) মাকে বৰশী বায়, পুতেকে সৰগ চায় ।
 উত্তৰঃ- বাঁহ গছ আৰু বাঁহ গাজ ৷


৫) মাটিৰ তলৰ বগা বুঢ়ী, সাজ পিন্ধে কুৰি কুৰি ।
উত্তৰঃ- নহৰু ৷

৬) মামাহঁতৰ বাৰীত গ'লোঁ সোমাব পাৰিলোঁ ওলাব নোৱাৰিলোঁ ।
উত্তৰঃ- চেপা ।


৭) তিনিকোণীয়া মাজত খাল   ঘাৰত ধৰি ঠেকেচি ঠেকেচি মাৰিব ভাল।
উত্তৰঃ- জাকৈ ।

৮) জন্ম অৱতাৰে মূৰত টুপী,     কৃষ্ণ অৱতাৰে ভুলাই গোপী,     ৰাম অৱতাৰে ৰাৱণ বধে ,     সেই তৰকাৰি ঘৰে ঘৰে
উত্তৰঃ- বাঁহগছ ।


৯)  আই ঐ দেহী জহৰ মহৰ কি পোকৰ টিকাত পোহৰ ?
উত্তৰঃ- জোনাকী পৰুৱা।


১০) ওপৰত ছাটি তলত গুটি।        তাক খাই আহিন কাতি । 
উত্তৰঃ- কচু ।

১১) গছ কাটিবলৈ গ’লো , হাতত কুঠাৰ লৈ , গছ আছে মৰি, ফল আছে ধৰি ?উত্তৰঃ-কোমোৰা

১২) লোহাৰত জনম , লোহাৰকে খায় — দহ দেশৰ লগত যুঁজিবলৈ যায় ? 
উত্তৰঃ- বন্দুক

১৩) পাত আছে ডাল নাই , কথা আছে মাত নাই ?উত্তৰঃ- কিতাপ

১৪) ওচৰা ওচৰিকৈ থাকে, দুয়ো যঁজা ভাই – একেলগে ফুৰে ,জগতখন চায়, ইজনে -সিজনক দেকা নাপায়, এইজননো কোন, কো‌ৱাচোন ভাই ? 
উত্তৰঃ- চকুযোৰ

১৫) শদিয়ালৈ নাযাবা, শত ফুল নাখাবা, এই খন চহৰত সুধি আহাঁগৈ , উপজিয়ে লৰ মাৰে কোন ? 
উত্তৰঃ-  জেঠী


হাতীৰ দাঁত, কদমৰ পাত ক'ব নোৱাৰিলে জানিম গোলামৰ জাত । 

উত্তৰঃ- বেঙেনা গছৰ পাত আৰু ফল 


কাৰাক-কুৰুক কৰে, হেণ্ডচেক কৰিলে বমি কৰে । 

--- দমকল

 

জন্ম অৱতাৰে মূৰত টুপী,

কৃষ্ণ অৱতাৰে ভুলাই গোপী,

ৰাম অৱতাৰে ৰাৱণ বধে ,

সেই তৰকাৰি ঘৰে ঘৰে --- বাঁহগছ



আপোনালোকৰ অঞ্চলত প্ৰচলিত সাঁথৰ সমূহ তলত Comment Box ত পঠিয়াব পাৰে আৰু লগতে আপোনালোকৰ মতামত সমূহ জনাব পাৰে।

Post a Comment

2 Comments