Recents in Beach

Armadillo:আৰ্মাডিলো

Armadillo:আৰ্মাডিলো

Armadillo:আৰ্মাডিলো

মাৰ্কিন যুক্তৰাষ্ট্ৰৰ মেক্সিকো উপসাগৰৰ কাষৰীয়া ৰাজ্য সমূহত এই প্ৰাণীবিধ পোৱা যায়। ইহঁতৰ পিছফালে এডাল নেজ থাকে। জীৱন্ত আৰ্মাডিলোক এনে লাগে যেন পুৰণি কালৰ বৰ্ম পিন্ধা সৈনিকহে। আৰ্মাডিলো প্ৰাণীবিধ দেখাত যেন ক্ষুদ্ৰ সংস্কৰণৰ এবিধ ডাইনোছৰ। ইহঁত নিশাচৰ প্ৰাণী। গৰম দিনত ইহঁত নিজৰ নিজৰ গাঁতত সোমাই থাকে। সন্ধ্যাৰ লগে লগে ওপৰলৈ উঠি আহি উঁই হাফলু বিচাৰি খুচৰিবলৈ আৰম্ভ কৰে। উঁই ইহঁতৰ প্ৰিয় খাদ্য। উঁইৰ বাহিৰে ইহঁতে অন্য পোক-পৰুৱাও খায়। ইহঁতে পোৱালিক গাখীৰ খুৱায়। পোৱালি আৰ্মাডিলোৰ খোলাটো কোমল। আৰ্মাডিলোৰ বয়্স যিমানে বাঢ়ে তাৰ বৰ্ম বা খোলাটো সিমানেই শক্তিশালী হয়।

Post a Comment

0 Comments