Recents in Beach

Assamese Language and Literature | অসমীয়া ভাষা আৰু সাহিত্য

অসমীয়া ভাষা আৰু সাহিত্যৰ জ্ঞান

আজি আমি যিকোনো চৰকাৰী প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে অসমীয়া ভাষা আৰু সাহিত্যৰ বিষয়ে আলোচনা কৰিম, আমি আপোনালোকক আটাইতকৈ গুৰুত্বপূৰ্ণ MCQ type Question and Answer দিবলৈ চেষ্টা কৰিম।

Assamese Language and Literature, অসমীয়া ভাষা আৰু সাহিত্য


 এই প্ৰশ্নবোৰ অসম চৰকাৰৰ দ্বিতীয় বৰ্গ, তৃতীয় বৰ্গ আৰু চতুৰ্থ বৰ্গ যিকোনো পোষ্ট, এ পি এছ চি, অসম আৰক্ষী, ডাকঘৰ পৰীক্ষা, পি এন আৰ ডি পৰীক্ষা, যিকোনো মেডিকেল পৰীক্ষা, ফৰেষ্ট গাৰ্ড, এ পি ডি চি এল পৰীক্ষা, কৃষি পৰীক্ষা, আৰু অন্যান্য ৰাজ্যিক পৰীক্ষা আদি সকলো নিযুক্তি পৰীক্ষাৰ বাবে অতি প্ৰয়োজনীয়।

(These questions are essential for all Government of Assam recruitment exams grade II, grade III and grade IV, APSC, Assam Police, Post Office Examination, PNRD Examination, Any Medical Examination, Forest Guard, APDCL Examination, Agriculture Examination, and Other state tests etc.)


১। অসমীয়া ভাষাটো ভাৰতীয় কোন গোষ্ঠীৰ ভাষা ?

উত্তৰ: আর্য।


২। পশ্চিম অসমত অসমীয়া ভাষাটো কি ভাষাৰূপে পৰিগণিত ?

উত্তৰঃ কামৰূপী।


৩। শ্ৰীমন্ত শংকৰদেৱে তেখেতৰ নাটসমূহ লিখোতে কি ভাষা ব্যৱহাৰ কৰিছিল ?

উত্তৰ: ব্ৰজাৱলী।


৪। ছেক্সপীয়েৰৰ কোনখন নাট অসমীয়ালৈ অনূদিত প্রথম নাট?

উত্তৰ: কমেডী অৱ এৰচ


৫। কোন চনত কোনে অসমীয়া ভাষাক অসমত নতুনকৈ প্ৰতিষ্ঠিত কৰিছিল ?

উত্তৰঃ ১৮৭২; চাৰ জৰ্জ কেম্পবেলে।



৬। কোন চনত চৰকাৰী ভাষাটো আইন মতে, অসমীয়া ভাষা ৰাজ্যিক চৰকাৰী ভাষা হিচাপে পৰিগণিত হয় ?

উত্তৰ: ১৯৬০ ; চৰকাৰী ভাষা ।


৭। অসমীয়া চুটি গল্পৰ ‘পিতৃস্বৰূপ' কোন ? 

উত্তৰ: লক্ষ্মীনাথ বেজবৰুৱা।


৮। ১৯৯০ চনত কাৰ দ্বাৰা ৰচিত কোনখন উপন্যাস হৈছে প্রথম অসমীয়া উপন্যাস ?

উত্তৰঃ পদ্মনাথ গোহাঞি বৰুৱা, ভানুমতী।


৯। শংকৰদেৱৰ দ্বাৰা উদ্ভাৱিত এক অংকযুক্ত নাটসমূহক কি নাট বোলা হয় ?

উত্তৰঃ অংকীয়া।


১০। সাহিত্য অকাডেমী বঁটা লাভ কৰা কোনখন পুথি প্ৰথম অসমীয়া পুথি ?

উত্তৰঃ বনফুল।


১১। ৰাজ্যখনৰ মুঠ কিমান শতাংশতকৈও অধিক লোকে অসমীয়া ভাষা কয়?

উত্তৰঃ ৬০ শতাংশ 


১২। প্ৰথম অসমীয়া অভিধানখন কিমান চনত কোনে ৰচিত আৰু প্রকাশিত কৰিছিল?

উত্তৰঃ ১৮৬৭; মাইলছ ব্ৰনছন ।


১৩। প্ৰথম অসমীয়া গদ্য সংকলন 'কথা গীতা'ৰ ৰচক কোন ?

উত্তৰঃ ভট্টদেৱ।


১৪। আনন্দৰাম ঢেকিয়াল ফুকনৰ দ্বাৰা ৰচিত কোনখন পুথি অসমীয়া ভাষাৰ প্ৰথম পাঠ্যপুথি ?

উত্তৰঃ অসমীয়া ল'ৰাৰ মিত্ৰ ।


১৫। অসমীয়া ভাষা লিখনিত শ্বৰ্ট হেণ্ড (Short hand) পদ্ধতি প্রবর্তন কৰা প্ৰথম ব্যক্তিজনৰ নাম কি ?

উত্তৰঃ ফণী শৰ্মা


১৬। অসম সাহিত্য সভাই প্ৰকাশ কৰা প্ৰথম অসমীয়া অভিধান খনৰ নাম কি ? 

উত্তৰঃ চন্দ্ৰকান্ত অভিধান ।


১৭। অসমৰ মুখ্য ভাষা কি ?

উত্তৰ: অসমীয়া।


১৮। হিন্দী ভাষালৈ অনূদিত প্ৰথম অসমীয়া কিতাপখনৰ নাম কি ?

উত্তৰ: চিত্ৰ ভাগৱত ।


১৯। অসমীয়া ভাষা-সাহিত্যৰ ‘পিতৃ’কোন ? 

উত্তৰ: শ্ৰীমন্ত শংকৰদেৱ।


২০ । সাহিত্য অকাডেমী বঁটা লাভ কৰা প্ৰথম অসমীয়া কাব্যগ্রন্থ 'বনফুল' (১৯৫৫)ৰ ৰচক কোন ?

উত্তৰঃ যতীন্দ্ৰনাথ দুৱৰা


২১। “উত্তৰাকাণ্ড ৰামায়ণ'ৰ অসমীয়া অনুবাদ কোনে কৰিছিল ?

উত্তৰঃ শ্ৰীমন্ত শংকৰদেৱ


২২। ‘শোণিত কুঁৱৰী' নাটকখনৰ লেখক কোন ?

উত্তৰঃ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা



২৩। 'অসমীয়া ভাষা উন্নতি সাধিনী সভা'ৰ প্ৰথম অধিৱেশন ক'ত আৰু কেতিয়া হৈছিল?

উত্তৰঃ ১৮৮৮ চনৰ ২৫ আগষ্টত ৬৭ নং মির্জাপুৰ ষ্ট্রীট (বর্তমান সূর্যসেন ষ্ট্রীট), কলিকতা (বৰ্তমানৰ ক’লকাতা) – ৯ ত হৈছিল।


২৪। কোনে প্ৰথম অসমীয়া ভাষাত সাধুকথাৰ পুথি ৰচনা কৰে ?

উত্তৰঃ ১৮৫০ চনত এলিজা ব্ৰাউনে ।


২৫। প্ৰাক-শংকৰী যুগৰ কবিসকলৰ নাম কি কি ?

উত্তৰঃ হেম সৰস্বতী, কবিৰত্ন সৰস্বতী, ৰুদ্ৰ কন্দলী, হৰিহৰ বিপ্ৰ আৰু মাধৱ কন্দলী।


    আশা কৰোঁ পোষ্টতো পঢ়াৰ পিছত আপোনালোক উপকৃত হব। এনেকুৱা ধৰণৰ বিভিন্ন কথা পঢ়িবলৈ নিয়মিত ভাবে আমাৰ ব্লগ জোনাকী অসম চাই থাকিব। 
ধন্যবাদ।

Post a Comment

0 Comments