Ashoka Stambh: অশোক স্তম্ভৰ বিষয়ে কিছু কথা
অশোক স্তম্ভৰ বিতৰ্কৰ বিষয়টো আপোনালোকে শুনিছেই নিশ্চয়। কিন্তু আপোনালোকে অশোক স্তম্ভৰ বিষয়ে কি কি জানে?
অশোক স্তম্ভৰ ইতিহাস কি, কোনে বনাইছিল, কেনেকৈ স্তম্ভটো বিচাৰি উলিওৱা হৈছিল, কেনেকৈ এই চিহ্নটো দেশৰ ৰাষ্ট্ৰীয় প্ৰতীক (National Emblem) হ'ল, আৰু কোনে ইয়াক ডিজাইন কৰিছিল?
আৰু সকলোতকৈ ডাঙৰ প্ৰশ্ন ক'ত ক'ত বা কোনে এই চিহ্নটো ব্যৱহাৰ কৰিব পাৰে?
নিশ্চয় আপোনালোকৰ বহুতৰে হয়তো এই বিষয়ে নাজানে!
যদি আপুনিও এই বিষয়ে জানিবলৈ ইচ্ছুক তেন্তে বলক আগবাঢ়ি যাও অশোক স্তম্ভৰ ইতিহাসৰ মাজলৈ।
নমস্কাৰ, আজি আমি এই ব্লগত অশোক স্তম্ভৰ বিষয়ে আলোচনা কৰিম।
অশোক স্তম্ভৰ অবয়ৱ
অশোক স্তম্ভত চাৰিটা সিংহ পিঠিয়া-পিঠিকৈ আছে যদিও এটা সিংহ পিছফালে থকা বাবে যিকোনো ফালৰ পৰা তিনিটা সিংহহে দেখা পোৱা যায়। একেডোখৰ শিলৰ পৰা কাটি উলিওৱা অশোক স্তম্ভৰ শীৰ্ষত সিংহ চাৰিটা এখন বেদীৰ ওপৰত পিঠিয়া-পিঠিকৈ থিয় হৈ আছে। ঘণ্টাকৃতি পদুম ফুল এপাহৰ ওপৰত প্ৰতিষ্ঠিত স্তম্ভটোৰ বেদীৰ গাত খোদিত কৰা আছে এটা হাতী, এটা দৌৰি থকা ঘোঁৰা, এটা ষাঁড় গৰু আৰু এটা সিংহ। চাৰিটা চক্ৰই জন্তুকেইটাক পৰস্পৰৰ লগত পৃথক কৰি ৰাখিছে। এই চক্ৰৰ নাম অশোক চক্ৰ বা ধৰ্ম চক্ৰ। ২৪ ডাল দাণ্ডি থকা অশোক চক্ৰই ভাৰতৰ জাতীয় পতাকাতো ঠাই পাইছে। ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাৰ বগা অংশত নীলা ৰঙৰে অংকিত এই অশোক চক্ৰৰ ২৪ ডাল দাণ্ডিয়ে বৌদ্ধ দৰ্শনৰ ২৪টা আদৰ্শক বুজায়।
Ashoka Stambh , Source: internet
অশোক স্তম্ভৰ ইতিহাস
অশোক স্তম্ভ ভাৰতৰ মহান সম্ৰাট অশোকে প্ৰায় 250 খৃষ্টপূৰ্বত নিৰ্মাণ কৰাইছিল। সম্ৰাট অশোকে নিৰ্মাণ কৰোৱা এইটোৱেই একমাত্ৰ স্তম্ভ নহয়, তেখেতে এনেকুৱা বহুতো স্তম্ভ নিৰ্মাণ কৰাইছিল। আৰু সেইবোৰ ভাৰতীয় উপমহাদেশ যোৰা তেওঁৰ সাম্ৰাজ্যৰ বিভিন্ন স্হানত স্হাপন কৰা হৈছিল। বিশেষকৈ এই স্তম্ভবোৰ বুদ্ধিষ্ঠ মনেষ্ট্ৰী বা বুদ্ধৰ লগত জড়িত স্হান সমূহত লগোৱা হৈছিল।
Ashoka Stambh, Source: internet
ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীক ৰূপে স্বীকৃত অশোক স্তম্ভটো হ'ল সাৰনাথত পোৱা অশোক স্তম্ভ। এই স্তম্ভটো ১৯০৫ চনৰ মাৰ্চ মাহত বিচাৰি উলিওৱা হৈছিল। এই উদ্ধাৰৰ বিষয়ে বিখ্যাত ইতিহাসবিদ Charles Robert Allen এ তেওঁৰ কিতাপ Ashoka - The Search for India's Lost Emperor ত লিখিছে । মূল অশোক স্তম্ভটো সাৰনাথৰ যাদুঘৰত সংৰক্ষণ কৰা আছে।
Source: internet
কেনেকৈ এই চিহ্নটো ৰাষ্ট্ৰীয় প্ৰতীক হ'ল?
১৯৪৭ চনৰ ১৫ আগষ্টত যেতিয়া ভাৰত স্বাধীন হ'ল, তাৰ কিছুদিন আগত এটা প্ৰশ্ন উদয় হ'ল যে ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীক কি হব? তেতিয়া ২২ জুলাই ১৯৪৭ চনত জৱাহাৰলাল নেহৰুৱে সংবিধান সভাত প্ৰস্তাৱ ৰাখে যে এটা ৰাষ্ট্ৰীয় প্ৰতীক ডিজাইন কৰিব লাগে। লগতে সম্ৰাট অশোকৰ গৌৰৱোজ্বল শাসনকালৰ কথা উল্লেখ কৰে। তেতিয়া সকলো নেতা একমতত উপনীত হয় যে দেশৰ বাবে এক ৰাষ্ট্ৰীয় প্ৰতীকৰ আৱশ্যক আৰু যিটো সম্ৰাট অশোকৰ ৰাজত্বকালৰ পৰা লোৱা হব।
যেতিয়া দেশৰ বিভিন্ন চিত্ৰকলা বিদ্যালয়ৰ পৰা বনোৱা চিত্ৰ সকলোৰে হৃদয় জিনিবলৈ সক্ষম নহ'ল তেতিয়া এক IAS বিষয়া বদৰুদ্দিন তৈয়াবজীৰ পত্নী সুৰায়া তৈয়াবজীয়ে ৰাষ্ট্ৰীয় প্ৰতীকৰূপে অশোক স্তম্ভৰ চিত্ৰ অংকন কৰে, যিটো কিছু সালসলনি কৰি সংবিধান সভাত উত্থাপন কৰা হয়। তেতিয়া সেই চিহ্নটো সকলোৰে পছন্দ হয়। কিন্তু চৰকাৰৰ ডকুমেন্ট বা কাগজ পত্ৰ আৰু পাছপৰ্ট আদিত যিটো অশোক স্তম্ভৰ ছবি থাকে সেইটো বিখ্যাত চিত্ৰকাৰ শান্তি নিকেতনৰ শিক্ষক নন্দলাল বসুৰ এজন ছাত্ৰ দীননাথ ভাৰ্গৱে ডিজাইন কৰিছিল। আৰু এইটো ভাৰতৰ সংবিধানৰ প্ৰথম পৃষ্ঠাটো অংকন কৰিছিল।
ভাৰত চৰকাৰে ১৯৫০ চনৰ ২৬ জানুৱাৰীত এই অশোক স্তম্ভটো ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীক হিচাপে স্বীকৃতি দিয়ে।
ৰাষ্ট্ৰীয় প্ৰতীক বা অশোক স্তম্ভ কোনে ব্যৱহাৰ কৰিব পাৰে?
অশোক স্তম্ভ কোনে ব্যৱহাৰ কৰিব পাৰে আৰু ইয়াৰ লগত জড়িত নিয়মৰ বিষয়ে জানো আঁহক।
অশোক স্তম্ভৰ ব্যৱহাৰ ভাৰতৰ সাংবিধানিক পদত অধিষ্ঠিত ব্যক্তিয়েহে কৰিব পাৰে। যত ভাৰতৰ ৰাষ্ট্ৰপতি, উপৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী, কেন্দ্ৰীয় মন্ত্ৰী, ৰাজ্যপাল, উপৰাজ্যপাল, ন্যায়পালিকা আৰু চৰকাৰী খণ্ডৰ উচ্চ বিষয়া সমূহক সামৰি লোৱা হয়। কিন্তু অৱসৰৰ পিছত কোনো প্ৰাক্তন বিষয়া বা প্ৰাক্তন মন্ত্ৰীয়ে বিনা অনুমতিত এই স্তম্ভটো ব্যৱহাৰ কৰিব নোৱাৰে।
যদি কোনো সাধাৰণ ব্যক্তিয়ে ৰাষ্ট্ৰীয় প্ৰতীকৰ অপব্যৱহাৰ কৰে তেতিয়া ২ বছৰৰ কাৰাদণ্ড আৰু ৫০০০ টকাৰ জৰিমনা পৰ্যন্ত হব পাৰে।




0 Comments