Recents in Beach

যিকোনো পৰীক্ষাৰ বাবে প্ৰয়োজনীয় সাধাৰণ জ্ঞানৰ ৪০+ প্ৰশ্ন উত্তৰ | Important GK Question Answer for All Exam

যিকোনো পৰীক্ষাৰ বাবে প্ৰয়োজনীয় সাধাৰণ জ্ঞানৰ ৪০+ প্ৰশ্ন উত্তৰ দিয়া হল, সকলোৱে যাতে শ্বেয়াৰ কৰি বহুতক সহায় কৰে যেন!!

অন্যান্য ৰাজ্যৰ দৰে আমাৰ অসমতো প্ৰতি বছৰে বিভিন্ন বিভাগৰ নিযুক্তিৰ বাবে পৰীক্ষা অনুষ্ঠিত হৈয়ে থাকে। প্ৰায়বোৰ পৰীক্ষাৰে Syllabus সামান্য বেলেগ বেলেগ হলেও সাধাৰণ জ্ঞান (GK question Answer) হল সকলো পৰীক্ষাৰে এটা গুৰুত্বপূৰ্ণ ভাগ। বহুতো লৰা ছোৱালীয়ে চাকৰিৰ বাবে আবেদন কৰিলেও প্ৰায় সংখ্যকে সফলতা লাভ কৰিব নোৱাৰাৰ মূল কাৰণ হ'ল তেওঁলোকৰ সাধাৰণ জ্ঞানৰ পৰিসৰ সীমিত। গতিকে আপুনি যদি কোনো বিভাগত আবেদন কৰিছে তেনেহলে সাধাৰন জ্ঞান (GK) আৰু সঁচৰাচৰ ঘটি থকা ঘটনা (Current affairs) ৰ ওপৰত গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে।

সেয়েহে আবেদনকাৰী সকলৰ সুবিধাৰ্থে আজি এই পোষ্টত কেইটামান অতি গুৰুত্বপূৰ্ণ সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ আলোচনা কৰা হৈছে।


Important GK Question Answer for all competitive exams of Assam


১) প্ৰশ্ন : ইতিহাসে ঢুকি পোৱা প্ৰথমগৰাকী অসমৰ ৰজা কোন
উত্তৰ:মহীৰংগ দানৱ

২)প্ৰশ্ন: কুৰুক্ষেত্ৰ যুদ্ধত কৌৰৱৰ পক্ষে যুদ্ধ কৰা অসমৰ ৰজাগৰাকী কোন?
উত্তৰ:ভগদত্ত

৩)প্ৰশ্ন: "আহোমৰ দিন" গ্ৰন্থখনৰ লিখক কোন?
উত্তৰ:হিতেশ্বৰ বৰবৰুৱা

৪)প্ৰশ্ন: ৰেলৰ ভেকুৱাম ব্ৰেক আৱিস্কাৰ কৰা অসমীয়া ব্যক্তিগৰাকী কোন
উত্তৰ:গুৰুপ্ৰসাদ দাস

৫)প্ৰশ্ন: "অসীমত যাৰ হেৰাল সীমা" উপন্যাসখনৰ লিখক কোন?
উত্তৰ:কাঞ্চন বৰুৱা

৬) প্ৰশ্ন : কেতিয়া অসমত প্ৰথম ৰেল সেৱা প্ৰৱৰ্তন কৰা হৈছিল?
উত্তৰ : ১৮৮২ চনত।

৭) প্ৰশ্ন : কোন চনত মহাত্মা গান্ধী অসমলৈ আহিছিল?
উত্তৰ : ১৯২১ চনত।

৮) প্ৰশ্ন : অসম বিধান সভাৰ প্ৰথম অধ্যক্ষ কোন আছিল?
উত্তৰ : বসন্ত দাস।

৯) প্ৰশ্ন : অসম এছ’ছিয়েচন কোন চনত গঠিত হৈছিল?
উত্তৰ : ১৯০৩ চনত।

১০) প্ৰশ্ন : অসমত কোন চনত চাহ আৱিস্কাৰ হৈছিল?
উত্তৰ : ১৮২৩ চনত।

১১) প্ৰশ্ন : অসমত আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল?
উত্তৰ : চুকাফা।

১২) প্ৰশ্ন : মুছলমান সকলে কোন চনত প্ৰথম বাৰ অসম আক্ৰমণ কৰিছিল?
উত্তৰ : ১২০৩ চনত।

১৩) প্ৰশ্ন : ১৯৭৯ব চনৰ ১০ ডিচেম্বৰত অসম আন্দোলনত মৃত্যু বৰণ কৰা প্ৰথম জন শ্বহীদ কোন আছিল?
উত্তৰ : খৰ্গেশ্বৰ তালুকদাৰ।

১৪) প্ৰশ্ন : চুতীয়া সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল?
উত্তৰ : বীৰপাল।

১৫) প্ৰশ্ন : অসমৰ উচ্চ ন্যায়ালয় ক’ত অৱস্থিত?
উত্তৰ : গুৱাহাটী।

১৬) প্ৰশ্ন : অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল?
উত্তৰ : গোপীনাথ বৰদলৈ।

১৭) প্ৰশ্ন : কেন্দ্ৰীয় মন্ত্ৰী সভাত মন্ত্ৰীত্ব লাভ কৰা প্ৰথম অসমীয়া মহিলা গৰাকী কোন?
উত্তৰ : ৰেণুকা দেৱী বৰকটকী।

১৮) প্ৰশ্ন : আহোম সাম্ৰাজ্যৰ ৰাজধানী চৰাইদেউ কোন চনত স্থাপিত হৈছিল?
উত্তৰ : ১২৫৩ চনত।

১৯) প্ৰশ্ন : অসমৰ প্ৰথম মহিলা মুখ্য মন্ত্ৰী কোন আছিল?
উত্তৰ : ছৈয়দা আনোৱাৰা টাইমূৰ।

২০) প্ৰশ্ন : আহোম আৰু মোগল সকলৰ শেষ ৰণ খন কোন চনত হৈছিল?
উত্তৰ : ১৬৮১ চনত।

২১) প্ৰশ্ন : অসমত প্ৰথম ধ্বংসাত্মক ভূমিকম্পটো কোন চনত সংঘটিত হৈছিল?
উত্তৰ : ১৫৪৮ চনত।

২২) প্ৰশ্ন : অসহযোগ আন্দোলন অসমত কোন চনত আৰম্ভ হৈছিল?
উত্তৰ : ১৯২০ চনত।

২৩) প্ৰশ্ন : গুৱাহাটী উচ্চ ন্যায়ালয় কোন চনত স্থাপিত হৈছিল?
উত্তৰ : ১৯৪৮ চনত।

২৪) প্ৰশ্ন : কোন চনত শৰাইঘাটৰ যুদ্ধ সংঘটিত হৈছিল?
উত্তৰ : ১৬৭১ চনত।

২৫) প্ৰশ্ন : অসমৰ প্ৰখ্যাত মন্দিৰ ‘উমানন্দ’ কেতিয়া নিৰ্মাণ কৰা হৈছিল?
উত্তৰ : ১৬৯৪ চনত।

২৬) প্ৰশ্ন : পৃথিৱীৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰ ‘ডিগবৈ তেল শোধনাগাৰ’ কেতিয়াৰ পৰা কাৰ্যক্ষম হয়?
উত্তৰ : ১৯০১ চনৰ পৰা।

২৭) প্ৰশ্ন : অসমৰ জলপথত প্ৰথম জাহাজ সেৱা আৰম্ভ হৈছিল?
উত্তৰ : ১৮৪৭ চনত।

২৮) প্ৰশ্ন : ‘টেলিফোন’ আৰু ‘টেলিগ্ৰাফ’ সেৱা অসমত প্ৰচলিত হৈছিল?
উত্তৰ : ১৮৬৬ চনৰ পৰা।

২৯) প্ৰশ্ন : অসমত ৰাষ্ট্ৰপতি শাসন প্ৰথমবাৰৰ বাবে কেতিয়া পৰা বলৱৎ কৰা হৈছিল?
উত্তৰ : ১৯৭৯ চনৰ পৰা।

৩০) প্ৰশ্ন : অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন কেতিয়া অনুস্থিত হৈছিল?
উত্তৰ : ১৯১৭ চনত।

৩১) প্ৰশ্ন : অসমত কোন চনৰ পৰা মাটিৰ ‘ম্যাদী প্ৰথা’ৰ প্ৰচলন আৰম্ভ হৈছিল?
উত্তৰ : ১৮৮৬ চনৰ পৰা।

৩২) প্ৰশ্ন : জয়দ’ল, জয়সাগৰ পুখুৰী আৰু ৰংমহল কোনজন আহোম স্বৰ্গদেৱে নিৰ্মাণ কৰিছিল?
উত্তৰ : স্বৰ্গদেউ ৰুদ্ৰসিংহ।

৩৩) প্ৰশ্ন : অসমত ৬০০ বছৰৰো অধিক কাল ৰাজত্ব কৰা আহোম সকলৰ ৰাজধানী চহৰ খনৰ নাম কি?
উত্তৰ : শিৱসাগৰ।

৩৪) প্ৰশ্ন : আহোম সকলৰ শেষ কীৰ্তি স্তম্ভটো গুৱাহাতীৰ ক’ত অৱস্থিত?
উত্তৰ : বশিষ্ঠাশ্ৰমত।

৩৫) প্ৰশ্ন : ১৮৮৯ চনত অসমৰ কোনখন ঠাইত ভাৰতৰ ভিতৰতে সৰ্বপ্ৰথম খাৰুৱা তেল আৱিস্কাৰ হৈছিল?
উত্তৰ : ডিগবৈ।

৩৬) প্ৰশ্ন : অসমৰ কোনজন স্বৰ্গদেউক ‘ল’ৰা ৰজা’ বুলিও জনা যায়?
উত্তৰ : ৰত্নধ্বজ সিংহ বা চুলিকফা।

৩৭) প্ৰশ্ন : উচ্চতম ন্যায়ালয়ৰ প্ৰথম অসমীয়া বিচাৰক কোন
উত্তৰ:পাৰ্বতি কুমাৰ গোস্বামী

৩৮)উচ্চতম ন্যায়ালয়ৰ প্ৰথম অসমীয়া মুখ্য বিচাৰক কোন
উত্তৰ:ৰঞ্জন গগৈ

৩৯)প্ৰথম অসমীয়া ভাৰতৰত্ন কোন
উত্তৰ:গোপীনাথ বৰদলৈ

৪০)জ্ঞানপীঠ বটা বিজয়ী প্ৰথম অসমীয়া কোন?
উত্তৰ:বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য


    আশা কৰোঁ পোষ্টতো পঢ়াৰ পিছত আপোনালোক উপকৃত হব। এনেকুৱা ধৰণৰ বিভিন্ন কথা পঢ়িবলৈ নিয়মিত ভাবে আমাৰ ব্লগ জোনাকী অসম চাই থাকিব। 
ধন্যবাদ।

Post a Comment

0 Comments